একাদশ শতাব্দীৰ ভক্তিসাধক শ্রী ৰামানুজাচার্যৰ স্মৰণত ২১৬ ফুট উচ্চতা বিশিষ্ট ষ্টেচু অফ ইক্যুৱেলিটি প্রধানমন্ত্রীয়ে জাতিৰ উদ্দেশ্য উছৰ্গা কৰিব
আইচিআৰআইএছএটিৰ ৫০তম বার্ষিকী উদযাপনৰ সূচনা আৰু দুটা গৱেষণা কেন্দ্রৰ উদ্বোধন কৰিব প্রধানমন্ত্রীয়ে

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অহা ৫ ফেব্ৰুৱাৰী শনিবাৰে হায়দৰাবাদ ভ্ৰমণ কৰিব। তেওঁ দিনৰ ২:৪৫ বজাত হায়দৰাবাদত পতনচিৰুত ইন্টাৰনেচনেল ক্রপছ ৰিছার্চ ইন্সটিটিউট ফৰ ছেমি-এৰিড ট্রপিক্স (আইচিআৰআইএছএটি) প্রতিষ্ঠানৰ কেম্পাছলৈ যাব আৰু তাত এই প্রতিষ্ঠানৰ ৫০তম বার্ষিকী উদযাপনৰ সূচনা কৰিব। সেইদিনাই বিয়লি ৫ বজাত প্রধানমন্ত্রীয়ে হায়দৰাবাদত ষ্টেচু অফ ইক্যুৱেলিটি বা সমতাৰ মূর্তি জাতিৰ উদ্দেশ্যে উছৰ্গা কৰিব। একাদশ শতাব্দীৰ ভক্তি সাধক শ্রী ৰামানুজাচার্যৰ স্মৰণত ২১৬ ফুট উচ্চতা বিশিষ্ট এই ষ্টেচুটি গঢ়ি তোলা হৈছে। উল্লেখ কৰিব পাৰি, সাধক ৰামানুজাচার্যই বিশ্বাস, ধর্ম আৰু জাতি সহ জীৱনৰ সকলো ক্ষেত্রত সমতাৰ আদর্শ প্রচাৰ কৰিছিল। পঞ্চলোহা বা পাঁচটি ধাতুৰে এই মূর্তি প্ৰস্তুত হৈছে। ইয়াৰ ভিতৰত আছে সোণ, ৰূপ, তাম, পিতল আৰু জিঙ্ক। ৫৪ ফুট উচ্চতা বিশিষ্ট ভবনৰ ওপৰত মূর্তিটো বহুউৱা হৈছে। এই ভবনৰ নাম হৈছে ভাৰত বেদী। তাত কেইবাটাও ফ্লোৰ বা তল আছে। একো একোটা ফ্লোৰত বৈদিক ডিজিটেল গ্রন্থাগাৰ আৰু গৱেষণাকেন্দ্র, ভাৰতীয় প্রাচীন গ্রন্থ সংগ্রহালয়, থিয়েটাৰ, শ্রী ৰামানুজাচার্যৰ জীৱন আৰু কর্ম সম্পর্কিত শিক্ষামূলক গেলাৰী প্রভৃতি আছে। শ্রী ৰামানুজাচার্যৰ আশ্রমৰ শ্রী চিন্না জিয়াৰ স্বামীয়ে এই মূর্তিটো গঢ়াৰ ধাৰণা দিছে।

অনুষ্ঠানত শ্রী ৰামানুজাচার্যৰ জীৱনাদর্শক লৈ এটা থ্রিডি প্ৰেজেন্টেচন দেখুওৱা হ'ব। ইয়াৰ পাছত, প্রধানমন্ত্রীয়ে ১০৮টা দিব্যদিসম বা অলঙ্কাৰ খোদাই কৰা মন্দিৰ ঘুৰি চাব। ষ্টেচু অফ ইক্যুৱেলিটিৰ কাষত ভাৰ্চুৱেল পদ্ধতিত এই মন্দিৰসমূহ তৈয়াৰ কৰা হৈছে।

শ্রী ৰামানুজাচার্যই মানুহৰ কল্যাণত নিৰলস কাম কৰিছে। তেওঁ ভাবিছিল যে প্রত্যেক মানুহৰ জাতি, লিঙ্গ, ধর্ম, বর্ণ নির্বিশেষে সমান অধিকাৰ আছে। শ্রী ৰামানুজাচার্যৰ ১০০০তম জন্মবার্ষিকী উপলক্ষে ১২ দিনৰ যি সহস্রাব্দ সমাৰোহৰ আয়োজন কৰা হৈছে, তাৰ অংশ হিচাপে এই ষ্টেচুটোৰ উদ্বোধন কৰা হ'ব।

এই অনুষ্ঠানত যোগ দিয়াৰ আগতে প্রধানমন্ত্রীয়ে আইচিআৰআইএছএটি প্রতিষ্ঠানৰ ৫০তম বার্ষিকী উদযাপনৰ সূচনা কৰিব। তেওঁ তাত বৃক্ষ সংৰক্ষণ সম্পর্কীয় জলবায়ু পৰিবর্তন মোকাবিলাত এটা গৱেষণা কেন্দ্র আৰু ৰেপিড জেনেৰেচন এডভান্সমেন্ট ফেচিলিটি চেন্টাৰৰ উদ্বোধন কৰিব। এই গৱেষণা কেন্দ্র দুটাই এছিয়া আৰু ছাব-সাহাৰা আফ্রিকাৰ ক্ষুদ্ৰ কৃষকসকলৰ কল্যাণত কাম কৰিব। এই উপলক্ষে প্রধানমন্ত্রীয়ে আইচিআৰআইএছএটি প্রতিষ্ঠানৰ এটা অভিনৱ নক্সা সম্বলিত প্রতীক আৰু স্মাৰক ডাক টিকট প্রকাশ কৰিব।

উল্লেখ কৰিব পাৰি, এছিয়া আৰু ছাব-সাহাৰা আফ্রিকা অঞ্চলত কৃষি গৱেষণা আৰু উন্নয়নৰ সৈতে আন্তর্জাতিক স্তৰৰ এই প্রতিষ্ঠানটো যুক্ত আছে। এই প্রতিষ্ঠানটোৱে কৃষকসকলক অধিক ফলনশীল বীজ আৰু ক্ষুদ্র কৃষকসকলক শুষ্ক এলেকাত কৃষি কাৰ্যত সহায় কৰি থাকে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India records highest-ever startup surge with 55,200 recognised in FY26

Media Coverage

India records highest-ever startup surge with 55,200 recognised in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 এপ্ৰিল 2026
April 18, 2026

From Tap Water to 40,000 Manuscripts: Modi’s Vision Delivers Jobs, Clean Energy & Civilisational Pride